Song of Solomon 6

1হে নাৰীবিলাকৰ মাজত পৰম-সুন্দৰী,তোমাৰ প্ৰিয় ক’লৈ গল ? আমি তোমাৰ লগত তোমাৰ প্ৰিয়ক বিচাৰিবৰ নিমিত্তে, তেওঁ কোন পিনে গল তাক কোৱা |

চূলম্মীতৰ বাক্য |

2মোৰ প্ৰিয় উদ্যানবোৰত চৰিবৰ নিমিত্তে, আৰু কনাৰি ফুল গোটাবৰ নিমিত্তে, নিজ বাৰীলৈ, সুগন্ধি ফুল গছৰ ভেটি কেইটালৈ নামি গল | 3মই মোৰ প্ৰিয়ৰ, আৰু মোৰ প্ৰিয় মোৰেই, তেওঁ কনাৰি ফুলনিৰ মাজত তেওঁৰ জাক চৰায়|

চলোমনৰ বাক্য |

4হে মোৰ প্ৰিয়া, তুমি তিৰ্চাৰ নিচিনা সুন্দৰী, যিৰুচালেমৰ সদৃশ ৰুপৱতী, ধ্বজা থকা সৈন্যসামন্তৰ নিচিনা ভয়ঙ্কৰী |

5তুমি মোৰ পৰা তোমাৰ চকু দুটি আঁতৰ কৰা; কিয়নো সেয়ে মোক পৰাজয় কৰিলে | তোমাৰ কেশ গিলিয়দ পৰ্ব্বতৰ চালত শুই থকা ছাগ এজাকৰ নিচিনা |

6তোমাৰ দাঁতবোৰ দুটি দুটি পোৱালি থকা, আৰু কোনেও পোৱালিৰ পৰা বঞ্চিত নোহোৱা, গা ধুৱাই অনা ভেৰা এজাকৰ নিচিনা | 7ওৰণিৰ ভিতৰত থকা তোমাৰ কুম দুটি ডালিম এডুখৰিৰ নিচিনা |

8ষাঠি জনী ৰাণী আৰু আশী জনী উপপত্নী, আৰু অসংখ্য যুৱতী আছে | 9মোৰ কপোতী, মোৰ শুদ্ধমতী একমাত্ৰ; তেওঁৰ মাতৃৰ তেৱেঁই অকল এজনী; তেওঁ নিজ জননীৰ স্নেহপাত্ৰী | জীয়াৰীবিলাকে তেওঁক দেখি ধন্য বুলিলে; এনে কি, ৰাণীবিলাকে আৰু উপপত্নীবোৰে তেওঁক দেখি তেওঁৰ প্ৰশংসা কৰিলে |

যিৰুচালেমৰ জীয়াৰীবালাকৰ বাক্য |

10অৰুণৰ দৰে উদয়কাৰিণী, চন্দ্ৰৰ নিচিনা সুন্দৰী, সুৰ্য্যৰ দৰে নিৰ্ম্মলী, আৰু নিচান থকা সৈন্যসামন্তৰ নিচিনা ভয়ঙ্কৰী সৌ জনী স্ত্ৰী কোন ?

চূলম্মীতৰ বাক্য|

11মই উপত্যকাৰ নতুনকৈ গজা পুলিবোৰ চাবলৈ, দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই, আৰু ডালিম ফুলিছে নে নাই, তাক দেখিবলৈ আকৰোটৰ বাৰিলৈ নামি গলোঁ | 12মোৰ মনে অকস্মাতে মোক তুলি মোৰ ৰাজবংশীয় প্ৰজাবিলাকৰ ৰথত থলে |

যিৰুচালেমৰ জীয়াৰীবিলাকৰ বাক্য |

হে চূলম্মীৎ ,উলটি আহাঁ, উলটি আহাঁ, উলটি আহাঁ, উলটি আহাঁ ,আমি তোমাক চাওঁ |

13

চূলম্মীতৰ বাক্য| মহানয়িমৰ নাচৰ দৰে তোমালোকে চূলম্মীতক কিয় চাবা?

চলোমনৰ বাক্য |

Copyright information for AsmULB